Logo
image

২৩.২৮% ধন আহিব ঋণৰ পৰা, বাজেটত ঘোষণা বিত্তমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ মাৰ্চঃ  বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধান সভাত দাখিল কৰা ২০২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ সাধাৰণ বাজেটৰ বছৰটোৰ বাবে মুঠ ১,৫৫,৪২৮.৭৫ কোটি টকা ধাৰ্য কৰিছে৷ ইয়াত মাত্ৰ ৬২০.২৭ কোটি টকাহে ঘাটিৰ পৰিমাণ দেখুওৱা হৈছে৷ বাজেটত উল্লেখ কৰা হৈছে যে মুঠ ৩৬,১৮৫ কোটি টকা অৰ্থাৎ ২৩.২৮ শতাংশ ধন ৰাজহুৱা ধাৰ বা ঋণৰ পৰা আহিব৷ বিত্তমন্ত্ৰীৰ দাবী ইমান বৃহৎ পৰিমাণৰ ধন ঋণৰ পৰা আহিলেও এই ঋণৰ ধন কৰ্মচাৰীৰ দৰমহা বা আন ৰাজহ ব্যয়ৰ কামত ব্যৱহাৰ হোৱা নাই।


কেৱল মূলধন শিতানতহে এই ধন ব্যয় হৈছে। প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ৰাজ্য চৰকাৰে ৭ জানুৱাৰীৰ পৰা বর্তমান পর্যন্ত দুমাহতে ৮,৩০০ কোটি টকাৰ নাচি ধাৰ লৈছে। ৭ জানুৱাৰীত ৫০০' কোটি, ২৮ জানুৱাৰীত ৫০০ কোটি, ৪ ফেব্রুৱাৰীত ৯০০ কোটি, ১৮ ফেব্রুৱাৰীত ৯০০ কোটি, পুনৰ দুবাৰকৈ ১০০ কোটি, ২৫ ফেব্রুৱাৰীত ১,৮৫০ কোটি, ২৭ ফেব্রুৱাৰীত ৯০০ কোটি পুণ লৈছে। পুনৰ ১১ মার্চত অর্থাৎ কাইলে ঋণ ল'ব ৯০০ কোটি টকা।